Friday, June 23, 2017



নমষ্কাৰ!

কি খবৰ তোমাৰ? মোৰতো দেখিছাই, দুহাতে দুটা। এটা আমাৰ, আনটো ককাইহঁতৰ। এটাক ল'লে আনটোৱে ঠেহ পাতে বুইছা। এতিয়া মোৰ হাতদুখন পালোৱানৰ হাত হ'লেহে হ'ব। তাতে যিহে জেঠমহীয়া গৰম। পিছে ইহঁত দুটাক দেখিলে মনটো ঠাণ্ডা পৰি যায় জানা। আইতাই কোৱা কথাষাৰিলৈ মনত পৰে - "বোলো বোপাই, বহল মাটি, বহল খেতি, বহল সংসাৰ, ইয়াতকৈনো আৰু কি লাগিছে আমাক"